মাছৰহাট বৰনামঘৰ সমগ্ৰ অসমৰে এটা উল্লেখযোগ্য নামঘৰ। স্থানীয় জনশ্ৰুতিৰ মতে মাধৱদেৱে 1528 চনত ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠাকৰণৰ প্ৰথমবন্তি জ্বলোৱাৰ কেইবছৰমান পিছত, মাছৰহাটৰ কেইজনমান গুনী জ্ঞানী বৈষ্ণৱ ভকতৰ সহযোগত মাছৰহাটৰ ৰাইজ বৈষ্ণৱধৰ্মত আকৃষ্ট হৈ গুৰজনাৰ এই অমুল্য সৃষ্টি নামঘৰটিৰ প্ৰতিষ্ঠা কৰে । এই জনশ্ৰুতিটোকো উলায় কৰিব নোৱাৰি কাৰণ সেই সময়ত শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ উদাৰতাৰ প্ৰতি আকৃষ্ট হৈ অসমৰ সমাজ তথা ধৰ্মীয় জগতত হোৱা বৈপ্লবিক পৰিবৰ্তনে অসমৰ কৈৱৰ্ত সমাজকো চুই গৈছিল । সেইবাবে অসমৰ কৈৱৰ্ত সমাজেও গুৰুজনাৰ অমুল্য অৱদান নামঘৰ প্ৰতিষ্ঠাৰ ওপৰত গুৰত্ব দিছিল। কৈৱৰ্ত সমাজৰ গাও হিচাপে মাছৰহাট গাওখনো চাগে ইয়াৰ ব্যতিক্ৰম নাছিল। কিন্তু ইতিহাসবিদৰ মতে নামঘৰটিৰ প্ৰতিষ্ঠা হৈছিল 1780 চনৰ ওচৰে পাজৰে..কাৰণ মোৱামৰীয়া বা মায়ামৰীয়া বিদ্ৰোহ তথা আহোম স্বৰ্গদেৱ সকলৰ ভিতৰ চ'ৰাৰ বিষয়া পৰ্য্যায়ৰ অৰিয়া অৰিৰ বাবে দুঃভেদ্য গড়গাঁও অৰ্থাৎ "ৰাজধানী গড়গাও" সহজভেদ্য হৈ… Read More
দান,বৰঙণি ইত্যাদিৰ বাবে কেৱল নামঘৰৰ কর্তৃপক্ষ লগতহে
১৯৩৪ চনৰ ১৮ এপ্ৰিল তাৰিখে মহামানৱ মহাত্মা গান্ধীয়ে প্ৰদাপৰ্ণ কৰা মাছৰহাট বৰনামঘৰ মাহাত্মা শংকৰদেৱ আৰু মাধৱদেৱৰ আশীষ লৈ বহুযুগৰ আগতেই গুৰু,দেৱ,নাম,ভকত চাৰি নামেৰে